অসমীয়া খাদ্য সম্ভাৰত মাছৰ জনপ্রিয়তা কিমান তাক নকৈ কোৱাৰ প্ৰয়োজনীয়তা হয়তো নাই ৷ তাতে আকৌ যদি আখলত সৰু মাছৰ ব্যঞ্জন তেনেহ'লে বহুজনৰ হয়তো দুগৰাহ ভাত সৰহকৈ পেটলৈ যাব ৷ তেন্তে আহকচোন আজি আমি কেইবিধমান সৰু মাছৰ তেনেই সহজ অসমীয়া ব্যঞ্জন প্ৰণালী শিকো………
১. পুঠি মাছৰ খাৰ জোল…
সামগ্ৰী :
পুঠি মাছ ১৫-২০ টা মান
কলাখাৰ ২ চাহ চামুচ
নহৰু ৩-৪ ফোটা
কেচা জলকীয়া ৩-৪
নিমখ সোৱাদ অনুযায়ী
পানী ২ কাপ
প্ৰণালী:
কাটি বাছি ধুই লোৱা মাছ কেইটাত অলপ নিমখ - হালধি গুড়ি ভলদৰে সানি লব ৷
এতিয়া এটা গৰম কেৰাহীত মিঠাতেলত মাছ কেইটা আধা ভজাকৈ ভাজি লব ৷
সেই একে কেৰাহীতেই নামমাত্র তেল দি সৰিয়হ গুটি কেইটামান মান ফুটাই দিব ৷ লগতে কেচা জলকীয়া, নহৰু আৰু নিমখ দি ভালদৰে লৰাই দিব ৷ লগে লগে কলাখাৰ আৰু পানী দি অলপ সময় উতলিব দিব ৷ জোলখন ভালকৈ উতলি উঠিলে ভাজি থোৱা মাছ কেইটা দি দিব ৷ ১০ মিনিট মান সময় ভালদৰে উতলিবলৈ দিব ৷ সোৱাদ বঢ়াবৰ বাবে কেইটামান কেচা জলকীয়া জোলখনত জুইৰ পৰা নমোৱাৰ আগতে ফালি দিব পাৰে ৷
২. পাতত দিয়া মোৱা মাছ পিটিকা
সামগ্ৰী:
কলপাত ( ব্যৱহাৰ কৰাৰ আগত পাতকেইখিলা যাতে ফাটি নাযায় তাৰবাবে ১ মিনিট মান সময় জুইত সেকি লব)
মোৱা মাছ ১০০ গ্ৰাম
কেচাঁ জলকীয়া (আন্দাজমতে)
আদা - ১/২ চামুচ (মিহিকৈ কাটি লব)
মিঠাতেল - ১/২ চামুচ
ধনীয়া পাত (মিহিকৈ কাটি লব)
পিয়াজ ( মিহিকৈ কাটি লব)
নিমখ (সোৱাদ অনুযায়ী)
শুকান খৰিছা - ২চামুচ
প্ৰণালী:
মাছ কেইটা ভালদৰে বাচি ধুই লব ৷
এতিয়া ১ চামুচ মিঠাতেল মাছকেইটাত সানি লৈ কলপাতত এডাল সূতাৰে মেৰিয়াই ছবিত দেখুৱাৰ ধৰণে পেকেটৰ নিচিনাকৈ বনাই লব ৷
কলপাতৰ টোপোলাটো ৰঙা আঙঠাৰ জুইত নাইবা গৰম কেৰাহীত/তাৱাত কম জুইত ১৫ মিনিট মান ভালকৈ সেকি লব ৷
অলপ ঠান্দা হলে কলপাতৰ পৰা মাছখিনি পাত্ৰ এটাত উলিয়াই লব ৷
মাছখিনিৰ লগত পিয়াজ, আদা, জলকীয়া, ধনীয়া, নিমখ, তেল, খৰিছা ভালকৈ সানি পৰিৱেশন কৰক ৷
৩.শেৱালি ফুলৰ লগত সৰু মাছ
সামগ্ৰী:
শুকান শেৱালি ফুল - এমুঠি
সৰু মাছ (যিকোনো যেনে: মোৱা, পুঠি, দৰিকণা ইত্যাদি ) - এমুঠি
কেচাঁ জলকীয়া - ইচ্ছানুসৰি
নিমখ - সোৱাদ অনুযায়ী
কলাখাৰ - ১/২ চামুচ ( বা খোৱা চ'দা এচিকুট)
মিঠাতেল - ১ চামুচ
নহৰু - ৪ বা ৫ ফোটা
প্ৰণালী:
কুহুমীয়া গৰম পানীত যতনাই শুকাই থোৱা শেৱালী ফুল এমুঠি ১০-১৫ মিনিট সময় তিয়াই থৈ দিয়ক ৷
এতিয়া ফুলখিনি পানীৰ পৰা ভালদৰে চেপি লওক ৷
বাচি ধুই লোৱা মাছকেইটাত অলপ নিমখ হালধি গুড়ি সানি গৰম মিঠাতেলত মাছকেইতা ভাজি লব ৷
সেই একে কেৰাহীতেই মাছ ভাজি ৰৈ যোৱা অলপ তেলত জলকীয়া দুটামান লগতে কেইফোটামান নহৰু ৰঙচুৱাকৈ ভাজি লওক ৷
এতিয়া কেৰাহীত ভাজি থোৱা মাছকেইতাৰ লগতে কলাখাৰ, নিমখ আৰু একাপ মান পানী দি কম জুইত সিজিবলৈ দিব ৷
পানী উতলি কমি আহিলে জুইৰ পৰা নমাই থব ৷
গৰম ভাতৰ লগত তিতা সোৱাদৰ জুতি লওক ৷
No comments:
Post a Comment