জাৰৰ দিনকেইতাৰ আমেজেই সুকীয়া ৷ ভাল পাইছিলো ৰাতিপুৱাই বগাকৈ চানি ধৰা দাথ কুঁৱলী, দিনৰ ৰ'দত গৰমাই থোৱা লেপ- তুলি বোৰৰ উমাল পৰশ, চাই ভাল লগা ককা-আইতাৰ ঘৰত মৰণা মৰাৰ দৃশ্যবোৰ, মৰণা মাৰি একাষৰীয়া কৰি থোৱা খেৰৰ দ'মবোৰত জপিয়াই ফুৰা সময়বোৰ লগতে জুইৰ ওচৰত পৰিয়াল তথা বন্ধু বৰ্গৰ লগত ঘুৰণীয়াকৈ বহি মেল মৰা ৷ তাৰোপৰি কেনেকৈনো পাহৰো ৰঙা ৰঙা আঙঠাত পুৰি লোৱা নতুন আলু -বেঙেনাৰ মলমলীয়া গোন্ধ, আইতাই বনোৱা নতুন চাউলৰ চুঙা পিঠা কেইটা, নতুন আঠা লেতীয়া জহা চাউলৰ লগত জালুকীয়া পাৰ মাংস…আস কি সোৱাদ আৰু কত' যে কি ৷
শীত নমাৰ লগে লগেই কব নোৱাৰাকৈ মনত অপাৰ আনন্দ ৷ ভাল লাগিছিল ৰাতিপুৱাই কুৱলী ফালি লগৰীয়াৰ লগত টিউচনত যোৱা দিনবোৰ ৷ ঠেঠুৱৈ ধৰা নৱেম্বৰ-ডিচেম্বৰ মাহত বছেৰেকীয়া পৰীক্ষাবোৰৰ দিনবোৰনো কেনেকৈ পাহৰো? ৩১ ডিচেম্বৰৰ দিনা বছেৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট ভয়ে ভয়ে আনিবলৈ যোৱাৰ দিনবোৰ এতিয়াও সজীৱ ৷ শৈশৱ মনটোৱে মায়ে গুঠি দিয়া ছুৱেটাৰ টোৰ মূল্য তেতিয়া হয়টো ধৰিৱই পৰা নাছিল ৷ আকৃষ্ট হৈছিলো সেই ৰং বিৰঙৰ গৰম কাপোৰ বোৰৰ প্ৰতি যিবোৰ চকুত লগাকৈ দোকানত আৰি আৰি থৈছিল ৷ অৱশ্যে মা- দেউতাই সেই হেপাহবোৰ সামৰ্থ অনুযায়ী পূৰণো কৰিছিল ৷
গোলকীয় উষ্ণতা ক্ৰমাৎ বৃদ্ধি পোৱাত আগৰ তুলনাত যদিও শীতৰ প্ৰকোপ অসমত দিনক দিনে কমি আহিছে তথাপিতো যিকেইটা দিন থাকে তাৰ মাদকতা অনুপম ৷ পুহ মাঘ মাহৰ হাড় কপোৱা জাৰ ৷ তাতে আকৌ পথাৰৰ সোণগুটিৰ সৈতে লখিমীক আদৰাৰ সময়, ন-খোৱা পৰ্ব, চেনেহৰ ভোগৰ উৎসৱ ভোগালী বিহুটিত ভোগ কৰাৰ সময় এই শীততেই ৷ এই দিনকেইটাত ঘৰ, হাট বা বজাৰ সমূহ সজীৱ শাক-পাচলি, মাছ-মাংস তথা দৈ-মিঠৈ আদিৰে উভৈনদী ৷ জন্ম সূত্ৰে মই সোণাপুৰৰ জিয়ৰী ৷ সেয়েহে মই দেখি অহা আমাৰ শণিবৰীয়া সোণাপুৰৰ সাপ্তাহিক বজাৰ খনো ইয়াৰ ব্যতিক্ৰম নহয় ৷ বিশেষকৈ শীতৰ পাচলি বজাৰ খন বিশেষভাৱে আৰ্কষণীয় ৷ শীতৰ সোণাপুৰৰ নৈসৰ্গিক ৰূপ কথানো কি কম ? পথৰ দাঁতিকাষৰীয়া সোণোৱালী ধাননী পথাৰ, পকা ধানৰ সুৱাস, সেউজীয়া হৈ থকা শাকণীবাৰী বোৰ……সচাকৈ যাদুকৰী পৰিৱেশ ৷ এতিয়া ধাননী পথাৰবোৰৰ ঠাইত অসংখ্য ধাবাৰ (Dhaba) হে যেন খেতি ঠন ধৰি উঠিছে ৷ মনটোৱে বৰকৈ কষ্ট পায় যেতিয়া দেখিবলৈ ললো ক্ৰমাৎ কংক্ৰিতৰ গৰাহত মোৰ সোণাপুৰ খন সোমাবলৈ ধৰিছে ৷ লাহে লাহে গাৱলীয়া জীৱনবোৰ অনিচ্ছা স্বস্তেও চহৰীয়া ঢঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়াত পৰিছে ৷ সেয়ে হয়তো মই এৰি অহা তাহানিৰ সেই গাৱলীয়া ভাৱৰ সোণাপুৰ খন সংকুচিত হোৱাটো স্বাভাৱিক ৷ ডাঙৰ ডাঙৰ বণিক গোষ্ঠীৰ খোৱা কামোৰাৰ আৱেষ্টণীত আজি যেন ৰামো নাই…ৰামৰ সেই ৰাজ্যও নাই ৷ অপ্ৰিয় হলেও সত্য ৷
সোণাপুৰৰ সুমথিৰা টেঙাৰ কথা হয়তো সকলোৱে জানে ৷ শৈশৱত নিজ ঘৰতেই এই ৰসাল সুমথিৰা টেঙাবোৰ গছৰ পৰা ছিঙি আনি খোৱাৰ কথা মনত পৰে ৷ কমলা টেঙা নপকোতেই ছিঙি আনি নিমখ, জলকীয়া, মিঠাতেল সানি খোৱাৰ কথা মনত পৰিলে আজিও মুখত পানী ভৰি পৰে ৷ তাৰোপৰি জাৰৰ দিনকেইতাত ৰ'দত বহি বিভন্ন টেঙা খোৱাৰ যেন এক নিয়ম আছিল ৷ জলফাই, ওলমি ওলমি লাগি থকা কৰ্দৈ টেঙা, ঢেঁকীত খুন্দা অমৰা - ঔ টেঙা কি যে খোৱা নাছিলো! মোক খা মোক খা কৈ গছত লাগি থকা বগৰী কেইটা লুকাই চুৰকৈ খাব লগীয়া হৈছিল ৷ কাৰণ সৰস্বতী পূজাৰ দিনৰ পৰাহে বগৰী খোৱাৰ সেউজীয়া সংকেত জেষ্ঠজনৰ পৰা পাইছিলো ৷
ৰন্ধা-বঢ়াৰ লগতে খোৱা বোৱাত মোৰ কিমান চখ সেই কথা মোৰ পৰিয়ালৰ লোক, আত্মীয় তথা নিকটতম বন্ধু মহলে ভালদৰে জানে ৷ যিহেতু খোৱাৰ প্ৰতি অত্যন্ত দুৰ্বলতা আছে সেয়েহে শীতৰ দিনকেইতাৰ জুতিপূৰ্ণ ব্যঞ্জনৰ বিষয়টো কেনেকৈনো বাদ দিব পাৰো ৷ যোৱা আঠ বছৰ ধৰি বাংগালোৰত এগৰাকী "ফুড ব্লগাৰ" (Food Blogger) হিচাপে প্ৰতিদিনে এই বিষয়ৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত ৷ খোৱাৰ প্ৰতি থকা মোৰ দূৰ্বলতাৰ পোকটো যেন জাৰকালি অধিক সক্ৰিয় হৈ উঠে ৷ দৰাচলতে উপায়ো নাই… বতৰেই এনেকুৱা ৷ জাৰকালি এবাৰ হলেও অসমলৈ যোৱাৰ হেপাহ কণ আজি আঠ বছৰে পূৰণ কৰি আহিছো ৷ অসমীয়াৰ এনে কিছুমান ব্যঞ্জন ও খাদ্য সম্ভাৰ আছে যাৰ জুতি জাৰকালি ললেহে যেন বেছি সুখ পোৱা যায় ৷ যেনে কোমোৰাৰ লগত তেলাল হাঁহ, মাটি দাইলৰ লগত কাঠ আলু, পাৰৰ মাংস জালুকীয়া, লাই-গাহৰি, চিতল মাছৰ কলঠি ভজা, সাঁজ পানীৰ সৈতে জুইত পুৰা তেলাল গাহৰি মাংস, ভজা মুগা লেটা পলু, জালুক বেছিকৈ দি ৰন্ধা ছাগলী মাংসৰ ক'লা জোল খন, ইত্যাদি ৷ নামবোৰ ভাবিয়েই দেখোন জিভাৰ পানী টোপা-টোপে পৰিছে ৷ তেনেহলে অপেক্ষা নো কিহৰ? আহক শীতৰ দিনৰ কেইবিধমান জনপ্ৰিয় ব্যঞ্জনেৰে মোৰ এই লিখনিটোৰ সামৰণি মাৰো…
- ছাগলী মাংসৰ জালুকীয়া জোল :
হাড় কপোৱা জাৰত জালুক বেছিকৈ দি ৰন্ধা ছাগলীৰ মঙহৰ জুতিৰ যাদু তুলনাবিহীন…শীতৰ সৈতে যুজিবলৈ এয়া যেন সোৱাদযুক্ত উপায় আপোনৰ আখলত…
- পাৰ মাংসৰ জালুকীয়া
পাৰ মাংসৰ সমাদৰ অসমীয়াৰ মাজত কিমান তাক নকৈ কোৱাৰ প্ৰয়োজন হয়তো নাই ৷ আদা- নহৰু, জালুক- জিৰা আৰু নতুন আলুৰ লগত বনোৱা পাৰ মাংসৰ আঞ্জা খনৰ সোৱাদ এবাৰ জিভাত লাগিলে তাক পাহৰা কঠিন………
- চিতল মাছৰ কলঠি ভজা
মাঘৰ বিহুত উভেনদী হৈ পৰা কাইটিয়া চিতল মাছৰ সোৱাদ লবলৈ ভয় কৰিছে নেকি? এবাৰ ভজা কলঠিৰ সোৱাদ লওক……আপোনাৰ মনটোৱে আকৌ এটুকুৰা বিছাৰিব……
- কাঠ আলু ভাজি
চকল চকলকৈ কাটি ভাজি লোৱা কাঠআলু কেইডোখৰ একাপ গৰম চাহৰ লগত শীতৰ সন্ধিয়া উপভোগ কৰাৰ আমেজেই সুকীয়া……
- লাই- গাহৰি
শীতত উভৈনদী হৈ পৰা লাই পাতৰ লগত গাহৰি মাংসৰ জুতি কেনেকুৱা বুজাই হে বুজে…বোধকৰো বহুতৰে মুখত পানীৰ সোঁত ইতিমধ্যে ববলৈ লৈছে……
- চুঙাত দিয়া কুকুৰাৰ মাংস
কম তেল মা- মছলা বিহীন এইবিধ ব্যঞ্জন এবাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰক……স্বাস্হ্যপোযগী তথা জুতিপূৰ্ণ ৷
- চুঙা পিঠা
কুমলীয়া বাঁহৰ চুঙাত তৈয়াৰ হোৱা চুঙা পিঠা কেইটাৰ সোৱাদ বেয়া পোৱা অসমীয়া খুব কমেইহে ওলাব ৷ গৰম গৰম চাঁহৰ লগত আস কি সোৱাদ……
- পুৰা গাহৰি আৰু ছাই মদ
পুৰা গাহৰি মঙহৰ লগত ছাই মদ এটা আনটোৰ পৰিপূৰক বুলি কলে চাগে ভুল কোৱা নহব… ঠেঠুৱৈ লগা জাৰক হৰুৱাবলৈ এক লোভনীয় উপায়……
- হাঁহ কোমোৰা
তেলাল হাঁহৰ মঙহক যেতিয়া কেইটুকুৰামান কোমোৰাৰ লগত ৰন্ধা হয় তেতিয়া সোৱাদৰ যাদু সৃষ্টি হোৱাটো স্বাভাৱিক……
- মাটিমাঁহ দাইলৰ লগত তেলাল খাহী ছাগলী মাংস
তেলাল খাহী মাংস-মাটিমাঁহ একেলগে এবাৰ নিজৰ আখলত বনাওক আৰু মলমলাই থকা নতুন জহা চাউলৰ ভাতৰ সৈতে খাওক…সোৱাদ পাহৰিব নোৱাৰিব…
বিঃদ্ৰঃ শীতৰ দিনত অসমীয়াৰ খোৱা বোৱা কেৱল মই উল্লেখ কৰা উপৰোক্ত ব্যঞ্জণ কেইটাতেই সীমাৱদ্ধ নহয়৷ ৰুচি অনুযায়ী বিভিন্নজনৰ বিভিন্ন ব্যঞ্জণ নিজ নিজ জুহালত তৈয়াৰ হয়৷
জানিবলৈ পায় ভাল লাগিল ৰেচিপিকেইটা
ReplyDeleterimjhimborthakur.blogspot.com
Thank you so much
DeletePleasure all mine.....
ReplyDelete